কলগাছিয়া, ১৯অক্টোবৰঃ উৎসৱৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হৈছে জুৱা খেল। প্ৰাপ্ত তথ্য মতে, পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজনক লৈ সমগ্ৰ ৰাজ্য ব্যস্ত থকা সময়তে গোৱালপাৰাৰ দৰংগিৰীৰ সমীপৰ চেঁচাপানী দৈনিক বজাৰৰ কাষত জুৱাৰী সকলে দিন দুপৰতে আৰম্ভ কৰিছে জুৱা খেল। স্থানীয় লোকৰ অভিযোগ মতে, অঞ্চলটোত জুৱাৰ অবাধ প্ৰচলনৰ ফলত প্ৰায়ভাগ মানুহ আৰ্থিক দিশত পিছপৰা। বছৰৰ প্ৰায় প্ৰত্যেকটো দিনেই চেঁচাপানী দৈনিক বজাৰত জুৱাৰ খেলা চলে। জিলা প্ৰশাসনে জুৱা খেলা বন্ধ কৰাৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। চেঁচাপানী অঞ্চলত অবাধ গতিত বৃদ্ধি পোৱা জুৱা খেলে যুৱ প্ৰজন্মকো প্ৰভাৱাম্বিত কৰিছে। গোৱালপাৰাৰ দৰংগিৰীৰ চেঁচাপানী দৈনিক বজাৰৰ চলা জুৱা খেল বন্ধ কৰাৰ কাৰণে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰণে স্থানীয় লোকে আহ্বান জনাইছে।