নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ১৭ মেঃ নলবাৰী জিলাত এগৰাকী পিতৃয়ে নিজৰ দুই কন্যাক লগত লৈ অনশনত বহিব লগীয়া হয়। অসমীয়া জাতিৰ অস্থিত ৰক্ষাৰ উদ্দেশ্যে নিজৰ দুই কন্যাৰ লগত পিতৃয়ে বৃহস্পতিবাৰে অনশন বহে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত উত্তাল প্ৰতিবাদ অব্যাহত থাকোতেই নলবাৰীৰ গণেশ মন্দিৰ চকত বৃহস্পতিবাৰে বাবে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে এটা পৰিয়ালৰ তিনিগৰাকী সদস্যই। এগৰাকী পিতৃয়ে দুই কন্যাক লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অনশনত বহি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিয়ালটোৰ তিনিও গৰাকী সদস্যই এই দৰে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি অসমৰ সভ্যতা, সংস্কৃতি আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অনুৰোধ জনায়। ধমধমাৰ চটাইমাৰীৰ সচেতন নাগৰিক মধু কলিতা আৰু তেওঁৰ দুই কন্যা ভণিতা আৰু মনি কংকণাই অনশনত বহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে। পিতৃ আৰু দুই কন্যাৰ এই ব্যতিক্ৰমী প্ৰতিবাদ দেখি বিভিন্ন দল সংগঠনেয়ো পৰিয়ালটোক এই প্ৰতিবাদত সহযোগ আগবঢ়ায়।