দুধনৈ, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ দুধনৈত দেওবাৰে নিশা দুৰ্বৃত্তৰ দল এটাই নৱগ্ৰাম বিহু কাৰ্যালয়ত অতৰ্কিতে আক্ৰমণ কৰি বিহু কাৰ্যালয়ৰ চকী, মেজ, বাইক ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খুকুৰী, জাঠি, জোংৰে আক্ৰমণ কৰাত বিহু কমিটিৰ ৪ জনকৈ সদস্য আহত হয়। দেওবাৰে নিশা নৱগ্ৰাম বিহু কাৰ্যালয়ত বিহুৰ আলোচনা চলি থকা সময়তে ট্ৰাকত অহা ২৫-৩০ জনীয়া এটা দুৰ্বৃত্তৰ দলে হাতে হাতে খুকুৰী, জাঠি, জোং, দা’লৈ অতৰ্কিতে বিহুৰ কাৰ্যালয়ত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে বিহুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সকলো আচবাব এফালৰ পৰা ভাঙি চিঙি তাণ্ডৱ চলোৱাৰ লগতে চোকা অস্ত্ৰৰে বিহু কমিটিৰ সদস্য সকলোকো আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত নিজকে ৰক্ষা কৰিবলৈ নৱগ্ৰাম বিহু কমিটিৰ সদস্য সকলে বিহুৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে। পহিলা বহাগৰ নিশা এনেদৰে বিহু কার্যলায়ত হোৱা দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই সম্পৰ্কে বিহু কমিটিয়ে দুধনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।