সোনাপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰীঃ মহানগৰীৰ সমীপৱৰ্তী সোনাপুৰৰ হহৰাত দেওবাৰে নিশা দুৰনি পাহাৰৰ পৰা নামি অহা চাৰিটাকৈ বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ভাঙি পেলাই প্ৰায় ১০০ বছৰীয়া পুৰণি শনি মন্দিৰ। খাদ্যৰ সন্ধান্ত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা চাৰিটা হাতীৰ জাকে সমগ্ৰহ অঞ্চলটোত নিশা সন্ত্ৰাসৰ সৃষ্টি কৰি কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে অঞ্চলটোত থকা প্ৰায় ১০০ বছৰীয়া পুৰণি শনি মন্দিৰ ভাঙি পেলায়। সোনাপুৰৰ বিভিন্ন অঞ্চলত যোৱা কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে নিশা জনাঞ্চললৈ আহি গাঁওবাসীৰ নিন্দ্ৰা হৰণ কৰিছে। সোনাপুৰবাসীয়ে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত বন বিভাগক অনুৰোধ জানাই আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে সোনাপুৰবাসীয়ে। সোনাপুৰৰ হহৰা, মালিবাগান, ননকে, বেজেনী, মিলানপুৰকে ধৰি বিভিন্ন অঞ্চলত যোৱা এমাহ ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি চলাই আছে।