ব’হাগ মাহত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে স্বকীয় বৈশিষ্টৰে নিজ নিজ বিহু পালন কৰি অসমীয়া নৱবৰ্ষক আদৰণি জনায়৷ বিহুৱে জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷অসমৰ অন্যতম আদিতম জনগোষ্ঠী দেউৰীসকলৰ এক সাংস্কৃতিক মহোৎসৱ হৈছে দেউৰী বিহু। দেউৰী জন-জীৱনত বিহুৰ লগত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে৷ হিন্দু শাস্ত্ৰত উল্লেখিত দেৱ-দেৱতাসকলক দেউৰীসকলে  প্ৰাচীন কালৰ পৰা অতি শ্ৰদ্ধা-ভক্তি আৰু বিশ্বাসেৰে উপাসনা কৰি আহিছে। দেউৰীসকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়াই কুণ্ডিমামাক, টেঙাপনীয়াই বলীয়াবাবা অৰ্থাৎ শিৱক আৰু বৰগঞাই তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। তদুপৰি বিহু উৎসৱ উদযাপন উপলক্ষে দেউৰীসকলে দুটা পূজা পাতিব লাগে। ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। পৰিয়াল ভিত্তিক পূজাক সুৱচনী বা ঘৰদেও পূজা আৰু সামূহিক পূজাক দেওশাল বা দেৱালয়ৰ পূজা বুলি কোৱা হয়৷

দেউৰীসকলে বিহুক বিচু বুলি কয়৷ ৰঙালী বা ব’হাগ বিহু দেউৰীসকলৰ প্ৰধান বিহু৷ ব’হাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহীয়াকৈ  বিহু পালন কৰা হয়। দেউৰী বিহুৰ এক বিশেষ তাৎপৰ্য্য  হৈছে  বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত বিহুৰ দিন নপৰি অন্য দিনত পৰিলে দেউৰী সকলে প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। দেউৰী সকলে বুধবাৰটো পবিত্ৰ বাৰ হিচাপে গণ্য কৰে।

ধৰ্মোৎসৱ হিচাপে পুৰণি কালৰ পৰা দেউৰী সমাজে প্ৰধানকৈ তিনিটা উৎসৱ পালন কৰে৷

  • মাঘ বিহু
  • ব’হাগ বিহু অৰ্থাৎ ইবাঁকু বিচু
  • সাতৰ চুৱা ভঙা বা অম্বুবাচী

এই উৎসৱ কেইটাত দেউৰীসকলে নিজ নিজ খেলৰ দেওশালত বিশেষ ভাৱে পূজা আগবঢ়ায়। দেউৰী সকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়াই কুণ্ডিমামাক, টেঙাপনীয়াই বলীয়াবাবা অৰ্থাৎ শিৱক আৰু বৰগঞাই তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। দেওশালত আগতীয়াকৈ পূজা-অৰ্চনা নকৰাকৈ উৎসৱ পতাৰ নিয়ম নাই। দেওশালত পতা অন্য এটা গুৰুত্বপূৰ্ণ পূজা হৈছে ধানৰ পূজা। এই পূজা প্ৰতিবছৰে শাওন মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে পতা হয়। দেউৰীসকলৰ ধৰ্মীয় কাম-কাজবোৰ সম্পূৰ্ণ শাক্ত পন্থীয়।

দেউৰীসকলৰ বিহু উৎসৱৰ লগত নিবিড়ভাবে জড়িত হৈ প্ৰাচীন কালৰ পৰা সমাজত চলি অহা কেইটামান ৰীতি হ’ল-

  •  নতুন পৰীয়া নিযুক্তি, পুৰণিৰ অৱসৰ
  • নিশা বিহু,
  • গৰু গা ধুউৱা
  • নকৈ চুৰীয়া পিন্ধোৱা আৰু পাট গাভৰুৰ গাত কাপোৰ দিয়া বা পাউগা মৰোউৱা নিয়ম
  • কণী যুঁজোৱা,
  • ডেকা বিহু
  •  গাভৰু বিহু
  • আবৰৰ হাঁচটি আৰু হুঁৰাই ৰঙালী নাম
  • হুঁচৰি গোৱা নিয়ম
  • গোঁসানী পাটত তোলা,
  •  বিহু আৰু হুঁচৰি উৰুৱা উৎসৱ
  • পাচ বিহু বা ৰাজবন
  • পীৰি বা নৌকা উটুৱা সবাহ
  • মেজি জ্বলোৱা