অনলাইন ডেস্ক, সংবাদ ৩৬৫, ১৪ মেঃ দেওবাৰে সন্ধিয়াৰ ভাগত ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহা বৰষুণৰ ফলত ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে উত্তৰ প্ৰদেশত ২১ জন, পশ্চিম বংগত ১২ জন, দিল্লীত ২ জন, হাৰিয়ানাত ১ জন আৰু অন্ধ্ৰ প্ৰদেশত ৯ জন লোকৰ ধুমহাৰ ফলত মৃত্যু হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ঘণ্টাত ১০৯ কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ ফলত ৰাজধানী দিল্লীত ২০০ টা গছৰ লগতে ৪০ টা বিদ্যুতিক খুটা বাগৰি পৰে। ৰাজধানীৰ বিভিন্ন স্থানত পথৰ ওপৰত গছ আৰু বিদ্যুতিক খুটা বাগৰি পৰাত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। দেওবাৰৰ ধুমুহাত ৰাজধানী দিল্লীৰ লগতে পশ্চিম বংগ, উত্তৰ প্ৰদেশ, তেলংগানা আৰু অন্ধ্ৰ প্ৰদেশ বিশেষ ভাবে ক্ষতিগ্ৰস্ত হয়।