দেৰগাঁও, সংবাদ ৩৬৫, ১১ জুলাইঃ দেৰগাৱৰ বালিবাটৰ যুৱক আফাজুৰ ৰহমানৰ অসাধাৰণ কাৰ্য্যই ৰাইজৰ মাজত সৃষ্টি‍ কৰি‍ছে কৌতুহলৰ৷ আফাজুৰ ৰহমানে ঘৰতে পেলনীয়াা সামগ্ৰীৰে সাজি উলিয়াইছে এজন সাধাৰণ মানুহৰ দৰে কাম কৰিব পৰা এটা ৰবট৷ ৰবটটোৱে আলহীক আদৰণি জনোৱাৰ লগতে এঠাইৰ বস্তু আন ঠাইলৈ অনা নিয়া কৰিব পাৰে আৰু গানৰ লগত তাল মিলাই নাচিবলৈ চেষ্টা কৰে‍৷ কোনো ধৰণৰ চৰকাৰী চাকৰি নতুবা খেতিৰ মাটি নথকাকৈ চিত্ৰ কলাৰ এগৰাকী প্ৰশি‍ক্ষকৰূপে পৰিয়াল পোহপাল দি চিন্তা বিশ্লেষণৰ‍ে ৰবট,ইল্কেট্ৰনিক চাইকেল, ৰেফ্ৰিজৰেটৰ, অত্যাধুনিক হেলমেত, মোবাইলৰ বিভিন্ন সামগ্ৰী বিজ্ঞানৰ বহু চিন্তা চর্চাৰে আৰু বহু কেইটা সামগ্ৰী ঘৰতে সাজি উলিয়াইছে। ইয়াৰ লগতে তেওঁ সৰু ল’ৰা ছোৱালীয়ে খেলিব পৰাকৈ এখন ইল্কেট্ৰনিক চাইকেল নির্মাণ কৰি উলিয়াইছে। আৰু বাইকৰ সংকেত দিব পৰাকৈ এটা হেলমেত সাজি উলিয়াইছে৷ পেলনীয়া সামগ্ৰীৰে মোবাইলত ব্যৱহিত সামগ্ৰী সজাৰ উপৰিও গৰমত ব্যৱহাৰ কৰিব পৰাকৈ‍ সাধাৰণ ফেন আৱিষ্কাৰ কৰি উলিয়াইছে৷ আফাজুৰে বর্তমানলৈকে প্ৰায় ১০তকৈ অধিক পেলনীয়া বস্তুৰে নৈতিক ব্যৱহাৰ হৈ থকা সামগ্ৰী সাজি উলিয়াইছে৷ এইদৰে নতুন চিন্তাৰে ধাৰাবাহিভাৱে আৱি‍ষ্কাৰ কৰি অহা আফাজুৰৰ আছে দুটা সপোন৷ প্ৰথমতে ইন্ধনৰ অবিহনে চলিব পৰা এখন বাইক আৱিষ্কাৰ কৰা আৰু শাৰীৰিকভাৱে বিশেষ অক্ষম ব্যক্তিৰ বাবে‍ এক যান্ত্ৰিক যন্ত্ৰ আৱিষ্কাৰ কৰাৰ৷ প্ৰযুক্তিৰ ক্ষ‍েত্ৰত প্ৰথম স্থান দখল কৰি থকা বিশ্বৰ বহু কেইখন দেশৰ ভিতৰত স্থান পাব পাৰে ভাৰতো৷ ভাৰতৰ যুৱ প্ৰজন্মৰ মাজত আছে বহু অভিনৱ চিন্তা৷ এই মত প্ৰকাশ কৰে আফাজুৰে। কিন্তু সাধাৰণভাৱে জীৱন অতিবাহিত কৰা আফাজুৰৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ এতিয়া অর্থৰ প্ৰয়োজন। আফাজুৰৰ চৰকাৰৰ প্ৰতি অনুৰোধ কিছু সহায় প্ৰদান কৰক তেঁওৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ৷