গোলাঘাট, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰীঃ শুক্ৰবাৰে পুৱা গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱৰ কুৰালগুৰিৰ কপৌচুকত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। উল্লেখ্য যে, দেৰগাঁৱৰ কুৰালগুৰিকে ধৰি সমগ্ৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে। ইয়াৰ মাজতে শুক্ৰবাৰে পুৱা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত নাহৰফুটুকী বাঘে পোহনীয়া গৰু, ছাগলীক ভক্ষণ কৰি সমগ্ৰ অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। কিছুমান অঞ্চলত নাহৰফুটুকী বাঘে হালৰ গৰু নিধন কৰি ভক্ষণ কৰাৰ ফলত কৃষকসকল অসহায় হৈ পৰিছে। অঞ্চলটোত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে স্থানীয় ৰাইজে বন বিভাগৰ সহযোগত পোন্ধৰ দিনমানৰ আগতে নাহৰফুটুকী বাঘ ধৰাৰ উদ্দেশ্যে এটা পিঞ্জৰা স্থাপন কৰিছিল। শুক্ৰবাৰে পুৱা অঞ্চলটোৰ দুজন ব্যক্তিয়ে নাহৰফুটুকী বাঘ এটা পিঞ্জৰাবদ্ধ হোৱা প্রত্যক্ষ কৰি গাঁওবাসীক খবৰ দিয়ে। নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱা খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ কেইবাশ লোক বাঘটোক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। বন বিভাগৰ লোক খবৰ পাই নাহৰফুটুকী বাঘটো পিঞ্জৰা সহ লৈ যায়।