ধুবুৰী, সংবাদ ৩৬৫, ১৭ জুনঃ ধুবুৰীত এখন বিয়াত কেন্দ্ৰ কৰি সৃষ্টি হয় চঞ্চল্যৰ। দাম্পত্তিক মন্দিৰৰ পৰা উদ্ধাৰ কৰি আনি বিপাঙত পৰিছে ধুবুৰী আৰক্ষী। পিংকি সিং আৰু আন্না বৰ্মন নামৰ দুগৰাকী সমকামী যুৱতীক মন্দিৰৰ পৰা উদ্ধাৰ কৰি বিপাঙত পৰিছে ধুবুৰী আৰক্ষী। ধুবুৰী চহৰৰ গাৰ্ড কলনীৰ দুগৰাকী সমকামী যুৱতীয়ে বিগত চাৰি বছৰৰ পৰা এজনীয়ে আন জনীক ভাল পাই আহিছে। যুৱতী দুগৰাকীৰ প্ৰেম পৰিয়ালৰ লোকে গ্ৰহণ নকৰি আন্না বৰ্মণ নামৰ যুৱতী গৰাকীক পৰিয়ালৰ লোকে গোলকগঞ্জৰ দিলীপ বৰ্মন নামৰ এজন যুৱকৰ সৈতে বিয়া দিয়ে। চাৰি দিন পূৰ্বে আন্না বৰ্মনে স্বামীৰ দিলীপ বৰ্মনৰ সংসাৰ ত্যাগ কৰি পিংকি সিংৰ লগত পলাই পশ্চিম বংগৰ এখন শিৱ মন্দিৰত পিংকি সিঙৰ লগত বিবাহ সম্পন্ন কৰে। বিবাহ সম্পন্ন কৰি পিংকি সিঙে পত্নী আন্না বর্মনক লগত লৈ গোসাঁইগাঁৱৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লয় যদিও আত্মীয়জনে দুয়ো গৰাকীকে ধুবুৰী লৈ পঠিয়াই দিয়ে। পৰিয়ালৰ লোকে যুৱতী দুগৰাকীৰ সম্পৰ্ক গ্ৰহণ নকৰি দুয়ো গৰাকী যুৱতীক স্থানীয় ৰাইজৰ সহযোহত গাৰ্ড কলনীৰ এখন শিৱ মন্দিৰত আবদ্ধ কৰি ৰাখে। ঘটনাৰ খবৰ পাই ধুবুৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়ো গৰাকী যুৱতীক উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিয়ে যদিও এতিয়া যুৱতী দুগৰাকী লৈ চৰম বিপাঙত পৰিছে ধুবুৰী আৰক্ষী। এতিয়া এই সমকামী যুৱতী দুগৰাকীক লৈ কি কৰিব ধুবুৰী ৰখাই ভাবি তত নপোৱা হৈছে।ইপিনে পৰিয়ালৰ লোকে এই সম্পৰ্ক মানি নললে দুয়ো আত্মহত্যা কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। এতিয়া আৰক্ষীয়ে এই দুজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই হ’ব লক্ষণীয়।