ধুবুৰী, সংবাদ ৩৬৫, ২৪ মেঃ এনআৰচিৰ নথিপত্ৰ পৰীক্ষণৰ পূৰ্ণ গতিত চলি থকাৰ সময়ত ধুবুৰী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ মফিদুল ইছলাম তথা চাপগড় হাইস্কুলৰ সহকাৰী শিক্ষক বৰ্তমান গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীৰ এখন এনএছকে কেন্দ্ৰত এনআৰচিৰ বিষয়া নিয়োজিত হৈ আছে। ধুবুৰী জিলাৰ অমিনেৰ চৰৰ এইগৰাকী মহিলাই এনআৰচিৰ নথিপত্ৰ পৰীক্ষণৰ জাননী লাভ কৰাত গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰীৰ এনএছকে কেন্দ্ৰত উপস্থিত হোৱাত নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত মহিলাগৰাকীক শিক্ষক তথা এনআৰচিৰ বিষয়া গৰাকীয়ে নথিপত্ৰ পৰীক্ষণৰ অচিলা লৈ মহিলা গৰাকীক অশ্লীল প্ৰস্তাৱ দিবলৈ দিয়ে। মহিলা গৰাকীয়ে অভিযোগ কৰামতে, নথিপত্ৰত সন্নিবিষ্ট কৰা মোবাইল নম্বৰ সংগ্ৰহ কৰি শিক্ষক গৰাকীয়ে যোৱা ১৭ মে’ৰ পৰা মহিলা গৰাকীক অশ্লীল প্ৰস্তাৱ দি আহিছিল। শিক্ষক গৰাকীয়ে ফোনযোগে মহিলা গৰাকীৰ লগত যোগাযোগ কৰি এনআৰচিৰ কথা কৈ বৃহস্পতিবাৰে ধুবুৰী চহৰৰ নিউঘাটলৈ মাতি আনি মহিলা গৰাকীক বলপূৰ্বক ভাৱে এখন অটোত উঠাই লৈ যাবলৈ চেষ্টা কৰে। ঘটনাক কেন্দ্ৰ কৰি নিউঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাইজে শিক্ষক গৰাকীক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গোটাই দিয়ে। মহিলা গৰাকীয়ে শিক্ষক জনৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰাত ধুবুৰী আৰক্ষীয়ে ৬৭০/১৮ নম্বৰৰ এখন গোচৰ ৰুজু কৰি লম্পট শিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰে।