ধুবুৰী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: ধুবুৰী জিলাৰ দণ্ডাধীশে অভিযান চলাই এখন ক্লাৱৰ পৰা সমবায় সমিতিৰ সভাপতি সহ দুজনকৈ জুৱাৰীক আটক কৰে। জানিব পৰা মতে, জিলাখনৰ ধুবুৰী চহৰত অৱস্থিত গদাধৰ ক্লাবত জিলা কাৰ্যবাহী দণ্ডাধীশ বিস্তীৰ্ণ বৰুৱাৰ নেতৃত্বত চলা অভিযানত সমবায় সমিতিৰ সভাপতিসহ দুজনকৈ জুৱাৰীক আটক হয়। উল্লেখ্য যে, ধুবুৰী চহৰৰ গদাধৰ ক্লাৱত বহু দিনৰে পৰা দিনে নিশাই লাখ লাখ টকাৰ জুৱা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এই অভিযোগৰ ভিত্তিত ক্লাৱখনত অভিযান চলিল দণ্ডাধীশে সমবায় সমিতিৰ সভাপতিসহ দুজনকৈ জুৱাৰীক আটক কৰি ক্লাবখন ছিল কৰি দিয়ে। এই জুৱা বিৰোধী অভিযানত ধুবুৰী জিলাৰ গেৰামাৰী সমবায় সমিতিৰ সভাপতি আনোৱাৰ হুচেইন আৰু জুৱাৰী হাকিম আলিক আটক কৰা হয়।