গৌৰীপুৰৰ পৰা আবুল কালাম আজাদ, ১৪ ডিচেম্বৰঃ  তৃতীয় পৰ্যায়ৰ গুণোৎসৱকলৈ ৰাজ্যৰ শিক্ষা বিভাগে চলিছে ব্যাপক প্ৰস্তুতি কিন্তু তাৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰত দৃষ্টি গোচৰ হৈছে শিক্ষা বিভাগৰ এক দুখলগা ছবি। এফালে গুণোৎসৱ পাতি শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড উন্নত কৰিব বিচাৰিছে আৰু আনফালে একেখন বিভাগে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে। ২৬ ডিচেম্বৰৰ পৰা ৰাজ্যত তিনিদিনীয়াকৈ গুণোৎসৱ পালন কৰা হব কিন্তু এই গুণোৎসৱৰ এক বিপৰিত ছবি দেখা পোৱা গৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত। গুণোৎসৱকলৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত চিলিছে ব্যাপক প্ৰস্তুতি কিন্তু বিলাসীপাৰা শিক্ষাখণ্ডৰ অৰ্ন্তগত পানবাৰীৰ ৰাঙামাটী পাৱলিক জনকল্যাণ বিদ্যালয়খনত গুণোৎসৱকলৈ নাই কোনো প্ৰস্তুতি। কাৰণ গুণোৎসৱ পাতিবলৈ বিদ্যালয়খনত নাই চাৰি বেৰ, মুকলি আকাশৰ তলত চলিছে বিদ্যালয়খনত পাঠদান। বিদ্যালয়ৰ চাৰি বেৰৰ অভাৱত ছাত্ৰ ছাত্ৰীসকল বাধ্য হৈছে মুকলি আকাশৰ তলতে শিক্ষা গ্ৰহণ কৰিবলৈ। ১৯৮৭ চনত স্থাপিত হোৱা এই বিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ কৰা হৈছিল যদিও আজিলৈকে বিদ্যালয়খনে চৰকাৰ পৰা লাভ নকৰিলে বিদ্যালয়গৃহ। সাধাৰণ এটা জৰাজীৰ্ণ জুপুৰিতে বিদ্যালয়খনৰ শিক্ষকসকল পাঠদান কৰিবলৈ বাধ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক। বিদ্যালয়খনত থকা ১২৬ জন ছাত্ৰ ছাত্ৰীৰ বাবে নাই কোনো ডেস্ক বেঞ্চৰ ব্যৱস্থা। জুপুৰি সদৃশ চালিঘৰখনৰ তলত পৰ্য্যাপ্ত ঠাই নথকাত ৰদ, বৰষুণৰ মাজতে মুকলি আকাশৰ তলতে চলিছে পাঠদান। আনহাতে বিদ্যালয়খনৰ এফালে আছে নদী আনফালে আছে ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰ, বিদ্যালয়খনৰ কাষেৰে আকৌ পাৰ হৈ গৈছে উত্তৰ পূব ৰেলৰ ৰেললাইন। মুঠতে চাৰিওফালৰ পৰা বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰথীসকল সুৰক্ষিত নহয় তথাপি শিক্ষা বিভাগৰ দৃষ্টি গোচৰ হোৱা নাই এই বিষয়টো। বিদ্যালয়খনৰ চৌহদ চাৰিওফালৰ পৰা উন্মুক্ত হৈছে থকাৰ বাবে শিক্ষাকসকল সকলো সময়তে দৃষ্টি ৰাখিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ গতিবিধিৰ ওপৰত। গুণোৎসৱৰ জৰিয়তে শিক্ষা বিভাগৰ পৰিৱৰ্তন আনিব বিচাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যত থকা এনে বিদ্যালয়সমূহৰে পৰিৱৰ্তন কৰিবলৈ দাবী জনাইছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাক শিক্ষয়িত্ৰীসকলে। এতিয়া প্ৰশ্ন হয় ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ এনে বিধ্যলায়বোৰৰ উন্নয়নৰ হকে কিবা পাদক্ষে গ্ৰহণ কৰিব নে অকল গুণোৎসৱ শিক্ষা বিভাগৰ উন্নয়ন কৰিব?