ধুবুৰী, সংবাদ ৩৬৫, ১৬ মেঃ ধুবুৰী জিলাৰ ৯০ শতাংশ ফাৰ্মাচী অবৈধ বুলি বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে ধুবুৰী জিলা পঞ্জিনভূক্ত ফাৰ্মাচিষ্ট সন্থাই। জিলাখনত অবৈধ ফাৰ্মাচীৰ বজাৰ চলাৰ লগতে কাঠফুলাৰ দৰে গঢ়ি উঠিছে কেইবাশ অবৈধ ফাৰ্মাচী। বুধবাৰে এক সংবাদমেলত ধুবুৰী জিলাৰ পঞ্জিনভূক্ত ফাৰ্মাচিষ্ট সন্থাই এই অভিযোগ উত্থাপিত কৰি ফাৰ্মাচিষ্ট নথকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, নৱ গঠিত পঞ্জীয়নভূক্ত ফাৰ্মাচিষ্ট সন্থাৰ ধুবুৰী জিলা সভাপতি জাইদুল ইছলাম, কাৰ্যকৰী সভাপতি মফিদুল ইছলাম আৰু সাধাৰণ সম্পাদক নুৰুল হাচান অলমকে ধৰি সন্থাৰ বহু কেইজন ফাৰ্মাচিষ্টৰ উপস্থিতিত আয়োজিত সংবাদমেলত সভাপতি সম্পাদকে ধুবুৰী জিলাখনৰ অবৈধ ফাৰ্মাচী সমূহৰ প্ৰসংগ উপস্থাপন কৰি উদ্বেগ প্ৰকাশ কৰাৰ লগতে জিলাখনৰ ৯০ শতাংশ ফাৰ্মাচী অবৈধ বুলি অভিযোগ কৰে। ফাৰ্মাচিষ্ট নোহোৱাকৈ ফাৰ্মাচীৰ পঞ্জীয়ন নহয় যদিওঁ জিলাখত ফাৰ্মাচিষ্ট নথকাকৈ বহু ফাৰ্মাচীয়ে পঞ্জীয়ন লাভ কৰিছে। ফাৰ্মাচিষ্ট নোহোৱাকৈ গোপন বুজাবুজিৰ ভিত্তিত ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগ তথা ঔষধ পৰিদৰ্শকে অবৈধ ভাৱে বহু ফাৰ্মচিক পঞ্জীয়ন কৰিছে বুলি সন্থাই অভিযোগ উত্থাপিত কৰিছে। নৱ গঠিত পঞ্জীয়নভূক্ত ফাৰ্মাচিষ্ট সন্থাই অতি শীঘ্ৰে জিলা খনত থকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কৰাৰ দাবী জনাইছে।