মঙলদৈ, ১০ জানুৱাৰীঃ দৰং জিলাৰ ধুলাত আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বুধবাৰে পুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাত উত্তেজিত ৰাইজে ধুলা থানা ঘেৰাও কৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। জানিব পৰামতে ধুলা থানাৰ আৰক্ষী বিষয়াই চুৰিৰ গোচৰত এজন লোকক আটক কৰি আনি থানৰ ভিতৰত নিৰ্মম ভাবে প্ৰহাৰ কৰাত ব্যক্তিজন গুৰুত্বৰ ভাবে আহত হয়। আৰক্ষীয়ে ব্যক্তিজনৰ অৱস্থাত সংকতজনক হোৱাত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত আৰক্ষীৰ প্ৰহাৰত আহত হোৱা ব্যক্তিজনৰ অৱস্থা অতি সংকতজনক হৈ পৰে আৰু চিকিৎসালায়ত ব্যক্তিজনৰ মৃত্যু ঘটে। ফলত ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে আৰু উত্তেজিত ৰাইজে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্তমান সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিবেশ অব্যাহত আছে। এই ঘটনাৰ সংক্ৰান্তত দৰঙ জিলাৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাক নিলম্বন কৰা হয়। দৰং জিলা উপায়ুক্তৰ নিৰ্দেশত তৎকালীনভাবে নিলম্বন ভাৰপ্ৰাপ্ত বিষয়া জনক নিলম্বন কৰা হয় আৰু আৰক্ষীৰ প্ৰহাৰত নিহত হোৱা ব্যক্তিজনৰ পৰিয়াললৈ সাহায্য প্ৰদানৰো আশ্বাস দিয়ে উপায়ুক্ত গৰাকীয়ে।