জাগীৰোড, সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ মৰিগাঁও জিলাত ধৰমতুলৰ বিষ্ণু মন্দিৰৰ ডকাইতিৰ লগত জড়িত চাৰিজনকৈ ডকাইত জাগীৰোড আৰক্ষীৰ জালত পৰিল। জাগীৰোড আৰক্ষীয়ে অভিযান চলাই বিষ্ণু মন্দিৰ ডকাইতি ঘটনাৰ লগত জড়িত থকা আতাউৰ ৰহমান, হানিফ আলী, চৰিফউদ্দিন আৰু মহিবুদ্দিন নামৰ চাৰি ডকাইতক আটক কৰে। আৰক্ষীয়ে ডকাইত কেইজনৰ পৰা দুটা পিতলৰ মূৰ্তি আৰু ৰূপৰ গহনা উদ্ধাৰ কৰে।