অৰুণাচল প্ৰদেশ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ তেজুত বলতকাৰৰ অভিযোগত অভিযুক্ত দুজনকৈ লোকক ৰাইজে মৰিয়াই হত্যা কৰাৰ এক ঘনতনা সংঘটিত হৈছে। জানিব পৰা মতে বলতকাৰত অভিযুক্ত লোক দুজনক ৰাইজে আৰক্ষী চকীৰ পৰা উলিয়াই আনি ৰাজপথত মৰিয়াই হত্যা কৰে। মৃত লোক দুজন অসমৰ সঞ্জয় ছবৰ আৰু জগদীশ লোহাৰ বুলি জানিব পৰা গৈছে। লোক দুজন অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত আছিল। উল্লেখ্য যে, যোৱা ১২ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ নামগো গাঁৱৰ এগৰাকী মিচিমি কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত লোক দুজনক আটক কৰা হৈছিল। কিশোৰী গৰাকী ১২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল আৰু পিছত নামগো গাঁৱৰ পৰা কিছু দূৰত্বত থকা এখন চাহ বাগিচাৰ কাষত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই ধৰ্ষণ আৰু হত্যাৰ সন্দেহত আৰক্ষীয়ে সঞ্জয় আৰু জগদীশক আটক কৰিছিল। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।