চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, ১৩ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ মাহমৰা চেঙেলীমৰাত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত ১৫ গৰাকীকৈ লোক চিকিৎসাধীন। মঙলবাৰে নিশা চৰাইদেউ জিলাৰ মাহমৰাত অকণি হাতীমূৰীয়া নামৰ ব্যক্তি এজন ঘৰত নখোৱা অনুষ্ঠানত আমূল লিকৱুইড গাখীৰ খাই ৪ গৰাকী শিশুসহ মুঠ ১৭ গৰাকী লোক বিষক্ৰিয়াত আক্ৰান্ত হৈছে। নখোৱাত অহাৰ গ্ৰহণ কৰাৰ পিছত মঙলবাৰ নিশাৰ পৰা বিষক্ৰিয়াত আক্ৰান্ত লোকসকলৰ মূৰৰ বিষ, পেটৰ বিষ, বমি আৰু শৌচত আৰম্ভ হয় আৰু পিছত লোকসকলক চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে ৭ গৰাকী মহিলাৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে আৰু আক্ৰান্ত লোকসকলৰ ভিতৰত ৩ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে।