নগাঁও, সংবাদ ৩৬৫, ১৮ জুনঃ নগাঁও জিলাৰ কামপুৰ বজাৰত দেওবাৰে নিশা সংঘটিত হোৱা এক ভয়ানক অগ্নিকাণ্ডত বজাৰখনত থকা পাঁচখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা দুখনকৈ হোটেল, এখন কাপোৰৰ দোকান, এখন দৰ্জিৰ দোকান আৰু এখন ষ্টেচনাৰী দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে প্ৰায় ৮০ লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পাই কামপুৰ, নগাঁও আৰু ৰহাৰ ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধ কালীন তৎপৰতাৰে স্থানীয় ৰাইজৰ সহযোগত দীৰ্ঘ সময়ৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।