এআইএমটি’ৰ গণসংযোগ বিভাগৰ শিক্ষাৰ্থী ইয়াশীৰা ৰহমান, অংশুমান বৰ্মন, অনুৰাগ বৰগোঁহাই, চেহেলি ছিদ্দিক আৰু ৰোহণ চৌধুৰীৰ দ্বাৰা প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন

ৰাজনীতিৰ পৰা ক্ৰিকেটলৈ, চিনেমাৰ পৰা খেললৈ চাহৰ দোকানত বহি সৰস আলোচনা৷ তাতে হাতত একাপ গৰম চাহ লৈ৷ হাতত চাহকাপ থাকিলেহে আলোচনাৰ প্ৰকৃত তৃপ্তি উপভোগ কৰিব পাৰি। পদপথতে হওক বা কোনোবা গলিৰ চুকতে হওক চাহৰ দোকান এখন থাকিলে তাত ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৰে আড্ডা জমে। মুঠতে চাহৰ দোকান হল যিকোনো চৰ্চাৰ কেন্দ্ৰস্থল। বৰ্তমান গুৱাহাটীত চৰ্চাৰ এনে কেন্দ্ৰস্থল চাহ দোকানে পদপথ আৰু গলিৰ চুকৰ পৰা ওলাই অভিজাত ৰূপ লৈছে৷ পদপথ, গলিৰ চুকৰ কাঁচ আৰু প্লাষ্টিক অথবা ডিচপ’জেবল গ্লাছৰ পৰিবৰ্তে গুৱাহাটীত চাহে স্থান পাইছে কুমাৰৰ হাতত প্ৰাণ পাই উঠা মাটিৰ কাপত। পদপথ, গলিৰ চুকৰ কলিতা, ডেকা, শৰ্মাদাৰ চাহৰ দোকানে অট্টালিকাত নাম লৈছে ‘দা টি ষ্টোৰী’, ‘কেশাৰিয়া চাইৱালে’ আৰু ‘চাই টাইম’ৰ।

মহানগৰীৰ উজানবজাৰৰ এটি দুমহলীয়া অট্ৰালিকাৰ তলৰ মহলাত স্থাপন কৰা ‘চাই টাইম’ নামৰ আধুনিক চাহৰ দোকানখনলৈ গৈ চাহ বিচাৰিলে আপোনালৈ আগবঢ়াই দিয়া হব মাটিৰ কাপত গৰম চাহ। মাটিৰ কাপত গৰম চাহত চুমুক দি আপুনি উপভোগ কৰিব পাৰে এই সৰু কিন্তু আধুনিক চাহ দোকানখনৰ সৌন্দৰ্য৷ দোকানখনৰ ওপৰৰ মহললৈ যোৱা কাঠৰ চিৰিৰ লগতে দোকানখনৰ কাঠৰ টেবুল, ইয়াৰ পৰিবেশে আপোনাৰ চাহকাপৰ সোৱাদ আৰু অধিক সুস্বাদু কৰি তোলা যেন অনুভৱ হ’ব।

কৰ্মস্থলীৰ কামৰ বোজাই আপোনাক যদি ভাগৰুৱা কৰি তোলে আৰু আপুনি একাপ চাহ লৈ পুনৰ সতেজ হ’ব বিচাৰে তেন্তে আপুনি ’কেশাৰিয়া চাইৱাল’ অথবা ‘দা টি ষ্টোৰী’নামৰ দোকান দুখনলৈ আহিও চাহৰ সোৱাদ ল’ব পাৰে। ইয়াতো মাটিৰ কাপত পাব মছলা টি, কম মছলা টি, বিভিন্ন ধৰণৰ অসমৰ বাগানত উৎপাদিত চাহৰ লগতে হাৰ্বেল টি। নৱপ্ৰজন্মৰ কেইজনমান উদ্যমী যুৱকে অসমৰ চাহৰ দোকানক পদপথ আৰু গলিৰ চুকৰ পৰা আনি আধুনিকতাৰ যি নতুন ৰূপ দিবলৈ প্ৰচেষ্টা কৰিছে এয়া শলাগিব লগীয়া৷ আৰু আপোনাৰ যদি কোনো বন্ধুৰ লগত বহি কিবা বিষয়ত চৰ্চা বা আলোচনা কৰিব লগা থাকে তেন্তে আপুনি একাপ গৰম চাহ লৈ বহিব পাৰে এই আধুনিক চাহ দোকানসমূহত।