নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ নলবাৰী জিলাৰ ধমধমাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বৰ্ণ্যাধ কাৰ্য্যসুচী শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোসাঁই উৎসৱ উদযাপন কৰা হয়। উৎসৱৰ দ্বিতীয় দিনা কেইবাহাজাৰ লোকৰ সমাগমত এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেএত শৰনীয়া কছাৰী জনগোষ্ঠীয় ৰীতি নীতি নিয়ম অনুসৰি বাঁহ গোসাইক সংস্থাপন আৰু পূজা অৰ্চনাৰ কৰা হয়। উৎসৱত শিশু সকলৰ লগতে যুৱক যুৱতী সকল নৃত্য পৰিবেশন কৰাৰ লগতে এক সাংস্কৃতিক সন্ধিয়াৰো আযোজন কৰা হৈছে৷ সংস্কৃতক সন্ধিয়াত কেইবাগৰাকী শিল্পীৰ লগতে গীত পৰিবেশন কৰিব আন্ত:ৰ্জাতিক খ্যাতি সম্পন্ন ভোজপুৰী কন্ঠশিল্পী কুইন কল্পনা পাটোৱাৰীয়ে৷