চিৰাং, সংবাদ ৩৬৪, ১২ জুনঃ চিৰাং জিলাৰ গৰুভাষাৰ ৪২৭ নং নাগদৰবাৰী প্ৰাথমিক বিদ্যালয়খনত দীৰ্ঘদিনৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মতে বিদ্যালয়খনৰ চাৰিজন শিক্ষকেই পুৱা ১০.৩০-১১.০০ বজাত বিদ্যালয়ত আহে আৰু ১২ বজাতেই বিদ্যালয় ছুটি দিয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কেশৱ বাহাদুৰ ছেত্ৰীয়ে এনআৰচিৰ ডিউটিৰ অজুহাত দি মাহেকত মাথো দুই এদিন বিদ্যালয়ত আহে বুলিও ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ কৰে। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ অভিযোগৰ পিচত চিৰাং জিলা সমিতিৰ সদৌ চাউতাল ছাত্ৰ সন্থাৰ এক সজাতি দলে বিদ্যালয়খন ভ্ৰমন কৰি বিদ্যালয়খনৰ বিৰুদ্ধে থকা অভিযোগ সমুহ লিখিত ভাৱে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমুহৰ পৰিদৰ্ষকক অভিযোগ দাখিল কৰি এনে শিক্ষক সকলক নাকি লগোৱাৰ দাবী জনায়। ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে যে বিদ্যালয়খনৰ শিক্ষক সকল ক্ৰমে মনোৰঞ্জন চৌধুৰী, পৱিত্ৰ কুমাৰ চৌধুৰী আৰু তাপস মল্লিক নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হোৱাৰ পৰিবৰ্তে পুৱা ১০.৩০-১১.০০ বজাত বিদ্যালয়ত উপস্থিত হৈ মাথো এঘন্টা পাঠদান কৰিয়ে বিদ্যালয় ছুটি দি গুচি যায়। ইয়াৰোপৰি বিদ্যালয়খনত যোৱা দুই-তিনিমাহৰ পৰা বন্ধ হৈ আছে ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন। বিভাগীয় ভাৱে সঠিক সময়তে মধ্যাহ্ন ভোজনৰ চাউল তথা টকা পোৱাৰ পিচতো যোৱা দুই-তিনিমাহৰ পৰা বিদ্যালয়খনত বন্ধ হৈ আছে ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন। ছাত্ৰ-ছাত্ৰী সকল মধ্যাহ্ন ভোজন নিদিয়াৰ কাৰন কি বুলিও ছাত্ৰ সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰে বিদ্যালয়খনৰ পাঠদানৰ ক্ষেত্ৰত হৈ থকা খাম-খেয়ালি কঠোৰ হাতেৰে দমন কৰাৰ দাবী জনাই সদৌ চাউতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰন সম্পাদক ছোলোমান মুৰ্মুয়ে ।