নাগালেণ্ড, সংবাদ ৩৬৫, ১৭ জুনঃ নাগালেণ্ডৰ ম’ন জিলাৰ আবৈত দেওবাৰে নিষিদ্ধ ঘোষিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাংৰ ভয়ংকৰ এম্বুশত আছাম ৰাইফলছ আৰু নগা টেৰিটৰিয়েল আৰ্মীৰ ৪ জনকৈ জোৱান নিহত হয়।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে আছাম ৰাইফলছ আৰু নগা টেৰিটৰিয়েল আৰ্মীৰ যৌথ দল এটাই দেওবাৰে দুপৰীয়া খোৱা পানী আনিবৰ বাবে নদীলৈ গৈ থকা অৱস্থাত আবৈত পূৰ্বৰ পৰা লুকাই থকা সন্দেহজনক এন এছ চি এন (কে) বিদ্ৰোহী সংগঠনটোৰ সদস্য সকলে অসম ৰাইফলছ আৰু নগা টেৰিটৰিয়েল আৰ্মীৰ ওপৰত গুলীবৰ্ষণ কৰাৰ লগতে গ্ৰেণ্ডেৰে ভয়ংকৰ আক্ৰমণ কৰে।

আক্ৰমণত বাহনেৰে গৈ থকা আছাম ৰাইফলছৰ ৪ জোৱান থিতাতে নিহত হোৱাৰ লগতে নগা টেৰিটৰিয়েল আৰ্মীৰ দুজন জোৱানো গুৰুত্বভাৱে আহত হয়। অৱশ্য সেনা বাহিনীয়ে দুজন জোৱানহে নিহত হোৱা বুলি জানিবলৈ দিছে। আক্ৰমণত আহত হোৱা জোৱান সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান সেনাই বিদ্ৰোহী সংগঠন এন এছ চি এনৰ সদস্য সকলক বিচাৰি অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰিছে। সেনাই অভিযান চলাই ঘটনাস্থলীৰ পৰা এটা সজীৱ গ্ৰেণেণ্ড উদ্ধাৰ কৰিছে।