গুৱাহাটী, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰীঃ অসম বিধানসভা চলি থকা সময়তে মঙলবাৰে মহানগৰীৰ লাষ্ট গেটত প্ৰতিবাদত বহিল কেইবাটাও ডিমাছা মহিলা সংগঠন। যোৱা ২৫ জানুৱাৰীত ডিমা হাছাও জিলাৰ মাইবঙত প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষীয়ে কৰা গুলীচলনাৰ উপযুক্ত তদন্ত আৰু নগা চুক্তি ৰাজহুৱা কৰাৰ দাবীত লাষ্ট গেটত ডিমাছা মহিলা সকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কেইবাশ ডিমাছা মহিলাই বেনাৰ পোষ্টৰ লৈ লাষ্ট গেটত ডিমা হাছাওৰ মাইবঙত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত কৰা গুলী চলনাৰ উপযুক্ত তদন্তৰ দাবী কৰে। প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ গুলীত নিহত হোৱা লোক দুজনক ন্যায় প্ৰদান কৰাৰ লগতে আহত ব্যক্তিসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ জনায়। প্ৰতিবাদী সকলে অতি শীঘ্ৰে নগা চুক্তি ৰাজহুৱা কৰাৰো দাবী জনায়। উল্লেখ্য যে, ২৫ জানুৱাৰীত ডিমা হাছাও জিলাৰ মাইবঙত নগা চুক্তিৰ ওপৰত ভিত্তি কৰি ডিমা হাছাও জিলাৰ ভূমি নাগালিমত অন্তৰ্ভুক্ত হোৱাৰ আকাংক্ষাত এক প্ৰতিবাদ ৰূপায়ন কৰা হৈছিল যত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত গুলীচালনা কৰাত দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল।