গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৪ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত প্ৰতিদিনে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে গোলাঘাটত জিলাত টাই আহোম ছাত্ৰ সন্থাই অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰে। টাই আহোম ছাত্ৰ সন্থাই অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি কৰি চৰকাৰক সকিয়নী প্ৰদান কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহলে চৰকাৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। প্ৰতিবাদকাৰী সকলে এই বিতৰ্কিত বিলখনৰ বিৰুদ্ধে হাতে হাতে হেংদাং লৈ ওলাই আহি অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমূহীয়া মুণ্ডন কৰি চৰকাৰক সকীয়াই দিয়ে যে কোনো কাৰণত জাতিধ্বংসী বিধেয়ক খন কাৰ্যকৰী হবলৈ দিয়া নহব। আটাছুৱে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে যদি চৰকাৰে বিলখন বাতিল নকৰে তেন্তে অনাগত দিনত তীব্ৰ আন্দোলনৰ মুখামুখি হব লাগিব চৰকাৰখন।