শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুনঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বাঁহগঢ়া নাট্য মন্দিৰত বাঁহগঢ়া যুৱসমাজ আৰু বাঁহগঢ়া আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত শিৱসাগৰ আইকেয়াৰ চিকিৎসালয়ৰ সহযোগত এটি বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়। নাজিৰা মহকুমাৰ তথ্য আৰু জন সংযোগ বিষয়া জয়ন্ত মাউতে শুভ উদ্বোধন কৰা চকু পৰীক্ষা শিৱিৰটোত নাজিৰা বাঁহগঢ়াৰ যুৱ সমাজকৰ্মী তথা প্ৰাক্তন ছাত্র নেতা পলদ্বীপ নেওগ, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নাজিৰা আঞ্চলিক সভাপতি ভাস্কৰজ্যোতি মহন্ত, যুৱ সমাজ কৰ্মী সন্দূপ গগৈ উপস্থিত থাকে। প্ৰায় এক শতাধিক লোকে চকু পৰীক্ষা কৰা শিৱিৰটোত কেইবাজনো লোকক বিনামূলীয়াকৈ চশমাও যোগান ধৰা হয়। বাঁহগঢ়াবাসী তথা ওচৰ চুবুৰীয়া ৰাইজৰ সহায়ৰ বাবে বাঁহগঢ়া যুৱসমাজৰ হৈ যুৱ সমাজকৰ্মী পলদ্বীপ নেওগে শিৱিৰটো অনুষ্ঠিত কৰাৰ বাবে আইকেয়াৰ চিকিৎসালয়ক ধন্যবাদ জ্ঞাপন কৰে।