নামচাই, অৰুণাচল প্রদেশ, নৱেম্বৰ১: দক্ষিণ এছিয় ৰাষ্ট্রসমূহৰ সৈতে ভাৰতৰ নাগৰিকৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ অৰ্থে লোৱা এক উদ্যোগৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ পূব প্রান্তৰ তাই খামতি জনতাই সোমবাৰে স্বাগতম জনালে থাইলেণ্ডৰ সংঘৰাজৰপৰা অহাএক বৌদ্ধ স্মৃতিচিহ্নকঅৰুণাচল প্ৰদেশৰ নামচাইত থকা কংমু খেম। (গােল্ডেন পেগােডা, স্বর্ণ স্তুপ)লৈ এই বৌদ্ধ স্মৃতিচিহ্নটাে আগবঢ়ায় থাইলেণ্ডৰ সংঘৰাজাৰ সোমডেট ফাৰা মহামুণিয়ঙে সোমবাৰে নামছাইত হাজাৰ হাজাৰ জনতা সমবেত হৈ থাইলেণ্ডৰপৰা অহা সজাতি দলটােক অভিবাদন জ্ঞাপন কৰি পৱিত্ৰ স্মৃতিচিহ্নটাে গ্ৰহণ কৰেঅৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্রী চীেনা মেইনে ডিব্ৰুগড়স্থিত মােহনবাৰী বিমানবন্দৰৰপৰা স্মৃতিচিহ্নটাে গ্রহণ কৰে। উপমুখ্যমন্ত্রীগৰাকী আৰু গোল্ডেন পেগোডাৰ এবাট ভেন, বিমলতিছা মহাথেৰােৱে পূর্বে সংঘৰাজীলৈ পত্র প্ৰেৰণ কৰিছিল। ইয়াৰ পূর্বে ১৯ অক্টোবৰত গোল্ডেন পেগোডাৰ এটা সজাতি দলে বেংককত থকা সংঘৰাজৰপৰা এটা স্মৃতিচিহ্ন গ্ৰহণ কৰিছিল। ইয়াক লৈ আনিছে ১৩ জনীয়া এটা থাই সজাতি দলেঅৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী প্ৰেমা খাণ্ডুৰ উদ্যোগত আৰু উপমুখ্যমন্ত্রী চীনা মেইনৰ পৃষ্ঠপােষকতাত কংমু খামত স্থায়ীভাৱে প্ৰতিষ্ঠা কৰা পৱিত্ৰ স্মৃতিচিহ্নৰ দুৱাৰ মুকলি কৰা হয় দুয়ােখন দেশৰ জনতাৰ মাজত এক আধ্যাত্মিক সম্পৰ্কৰ বাবে। “পূব অৰুণাচলৰ বৌদ্ধ ধর্মীয় জনতাৰ দক্ষিণ পূব এছিয়াত বসবাস কৰা জনতাৰ সৈতে এক আত্মিক সম্পর্ক আছে। সংঘৰাজৰপৰা উপহাৰ হিচাপে লাভ কৰা স্মৃতিচিহ্নই কংমু খামক জিলিকাই তুলিছে। এতিয়াৰেপৰা এছিয়ান দেশসমূহৰপৰা বহুতাে জনতাই কংমু খাম দর্শন কৰিবলৈ আহিব।“ অনুষ্ঠানটােত উপস্থিত থকা অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্রী চীনা মেইনে এনেদৰে কয়যিহেতু অৰুণাচল প্রদেশ চৰকাৰে ৰাজ্যখনৰ পূব প্রান্তৰ পৰ্যটনৰ বিকাশৰ বাবে গুৰুত্ব আৰােপ কৰি আহিছে, সেই সময়তে কংমু খামৰ বৰ্দ্ধিত জনপ্রিয়তাই এক তুৰিত গতি প্ৰদান কৰিব। “আধ্যাতিক পর্যটনৰ কেন্দ্রবিন্দু কংমু খাম অৱস্থিত এক মনোমোহা স্থানত। অঞ্চলটােৰ বহু সৰু সৰু মন্দিৰ আৰু বিভিন্ন উপাসনাস্থলীৰ মাজত নামচাইৰ নৈ চেনামত অৱস্থিত কংমু খাম দর্শনাৰ্থীৰ বাবে মূল আকর্ষণ হৈ পৰিব।’, এনেদৰে ক’লে মিছ গুণ্টালী বুনভ’ৰাছেটে, যি এগৰাকী প্রখ্যাত থাই অভিনেত্ৰী আৰু সজাতি দলটােৰ এগৰাকী সদস্য। লগতে তেওঁ কয় যে, এই অঞ্চলটােত এতিয়া চিনেমাৰ শ্ব’টিং চলি থকা দেখা গৈছে আৰু পৰ্যটক তথা ধর্মপ্ৰাণ জনতাৰো সমাগম হৈছে। বৌদ্ধ সংস্কৃতিৰ জনপ্রিয় চিহ্ন হিচাপে, কংমু খামে আন্তর্জাতিক সম্পর্ক স্থাপন কৰিব পাৰে বৌদ্ধ ধর্মীয় বিশ্বাস পালন কৰা দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ মাজত। “ই চৰকাৰৰ এক্ট ইষ্ট পলিচীক আগুৱাই নিব আৰু জনতাৰ মাজত প্ৰত্যক্ষ যোগাযোগেৰে নীতি নিৰ্ধাৰণতো সুবিধা প্ৰদান কৰিব আৰু এছিয়ানৰ সৈতে সুসম্পর্ক স্থাপন কৰিবলৈ চৰকাৰক সহায় কৰিব,” মুখ্যমন্ত্রীৰ এগৰাকী প্রতিনিধিয়ে এনেদৰে কয়। কংমু খামত স্থায়ীভাৱে স্মৃতিচিহ্ন স্থাপন কৰাৰ পিছত ভৱিষ্যতে অঞ্চলটােলৈ বিদেশী ভক্তৰ আৰু ভিক্ষুৰ আগমন ঘটিব আৰু ই স্থানীয় অর্থনীতিক টনকিয়াল কৰি তুলিব। কেন্দ্রীয় পর্যটন মন্ত্রণালয়ৰপৰা পোৱা অৰ্থ সাহায্যৰে ৪৬৯.২৬ লাখ টকা ব্যয়সাপেক্ষে কংমু খামত এটা ইক’-টুৰিজিম কমপ্লেক্সো স্থাপন কৰা হৈছে। ইয়াত আছে চাৰিটা আধ্যাত্মিক ছুট, আঠটা এক্সিকিউটিভ ছুট৷ (টুইন-শ্বেয়াৰ), দুটা ডৰ্মেটৰী য’ত একোটাত ২০জনকৈ লোক থাকিব পাৰে, এখন ৰেস্তোঁৰা, বহুমুখী ব্যৱহাৰােপযোগী হল, এটা প্রশাসনীয় ব্লক আৰু থাইলেণ্ডৰ সংঘ ৰাজাই নামছাইত থকা কংমু খামলৈ এটা অমূল্য স্মৃতিচিহ্ন প্ৰেৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তই অঞ্চলটোৰ জনতাৰ বাবে এক উল্লেখনীয় ঘটনা। ইয়াৰ পূর্বে ২০১৩ চনত, নতুন দিল্লীত থকা ৰাষ্ট্রীয় সংগ্ৰহালয়ৰপৰা বৌদ্ধ স্মৃতিচিহ্ন সাময়িকভাৱে অৰুণাচললৈ প্ৰেৰণ কৰা হৈছিল আৰু কংমু খামৰ লগতে টাৱাং আৰু বমডিলাত থকা বিভিন্ন বৌদ্ধ মঠত প্রদর্শন কৰা হৈছিল। এই স্মৃতিচিহ্ন অৰুণাচল প্ৰদেশৰ প্ৰত্যন্ত অঞ্চলত থকা তিনিটা মঠত এসপ্তাহকৈ প্রদর্শন কৰাৰ পিছতে অঞ্চলটােৰ ধমীয় মানচিত্ৰত কংমু খামেও এক পৰিচয় লাভ কৰে। পৰৱৰ্তী সময়ত ইয়ালৈ পূব অৰুণাচলৰ লক্ষ্যস্থান হিচাপে নিয়মীয়াভাৱে পর্যটকৰ সোঁত ব’বলৈ আৰম্ভ কৰে আৰু বিভিন্ন দেশৰ বৌদ্ধ ধৰ্মাৱলম্বীৰ বাবে অতি বিশ্বাসী প্রার্থনাৰ স্থান হৈ পৰিছে।