সোণাপুৰ, সংবাদ ৩৬৫, ৯ জুলাইঃ সোণাপুৰৰ পাটৰকুছিস্থিত দিচাং ৰিজৰ্টৰ পৰা দেওবাৰে কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলোৱা মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মতসিংকাক দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰিজৰ্টখনৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে আচাৰ্য্য পঙ্কজ পাঠকে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে সোমবাৰে ৰিজৰ্টখনৰ মহাপ্ৰৱন্ধক গৰাকীয়ে সোণাপুৰ  আৰক্ষী থানাত এটা গোচৰ দাখিল কৰে। উল্লেখ্য যে পঙ্কজ পাঠকে দেওবাৰে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত ফেচবুকৰ তেওঁৰ ব্যক্তিগত একাউণ্টৰ পৰা এটা ষ্টেটাচৰ জৰিয়তে ৰিজৰ্টখনক বহিষ্কাৰ কৰিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ পৰিপেক্ষিততে সোমবাৰে বিয়লি ৰিজৰ্টখনৰ মহাপ্ৰৱন্ধক গৰাকী সোণাপুৰ আৰক্ষী থানাত উপস্থিত হৈ আচাৰ্য্য পঙ্কজ পাঠকে ফেচবুকৰ জৰিয়তে কৰা মন্তব্যৰ ফলত ব্যৱসায়িক প্ৰতিস্থানটোৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি পাঠকৰ পৰা দুই কোটি টকাৰ ক্ষতি পূৰন দাবী কৰি গোচৰ দাখিল কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে কি ভূমিকা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হব।