বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৫ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰঘোলা চিল্লাপাৰা দ্বিতীয় খণ্ডত মঙলবাৰে কাৰ্তিক চন্দ্ৰ মণ্ডল নামৰ এজন লোকক ৰাইজে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপৰাধত উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বৰঘোলা চিল্লাপাৰা দ্বিতীয় খণ্ডৰ কাৰ্তিকচন্দ্ৰ মণ্ডলে পত্নী মনোমতী মণ্ডলক দীৰ্ঘদিন ধৰি যৌতুকৰ দাবীত শাৰীৰিক ভাবে নিৰ্যাতন চলাই আহিছিল। মঙলবাৰে পুৱাৰ ভাগত কাৰ্তিকে পত্নীক যৌতুকৰ দাবীত শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে নিমখ মিহলোৱা গৰম পানী গাত ঢালি দি অত্যাচাৰত চলায়। প্ৰানৰ মমতাত মনোমতীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ কাৰ্তিকৰ গৃহত উপস্থিত হৈ নিৰ্যাতিতা মনোমতীক উদ্ধাৰ কৰি কাৰ্তিকক উত্তম মাধ্যম দি আৱদ্ধ কৰি ৰাখে। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত বৰঘোলা আৰক্ষী চকীত অবগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মনোমতীৰ অভিযোগ মৰ্মে কাৰ্তিক চন্দ্ৰ মণ্ডল, কাৰ্তিকৰ মাতৃ ইতিবালা মণ্ডল আৰু কাৰ্তিকৰ পিতৃ অমূল্য মণ্ডলক আৰক্ষী চকীলৈ লৈ যায়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কাৰ্তিকে মাক বাপেকৰ প্ৰৰোচনাত যৌতুকৰ দাবী কৰি দীৰ্ঘদিন ধৰি মনোমতীক নিৰ্যাতন চলাই আহিছিল।