গোলাঘাট, সংবাদ ৩৬৫, ২০ জুনঃ গোলাঘাট জিলাৰ বোকাখাতাৰ শিলজুৰিত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলা থিতাতে নিহত হয়। জানিব পৰা মতে ডাব্লিউ বি-০৬-এ-০৭০৬ নম্বৰৰ ফৰ্ড ফিউজন গাড়ী এখন বোকাখাতাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে শিলজুৰিত পথৰ কাষেৰে গৈ থকা এগৰাকী মহিলাক মহতিয়াই নিয়ে। তীব্ৰ বেগী গাড়ীখনে মহিলা গৰাকীক মহতিয়াই পথৰ কাষত থকা গছ এজোপাত খুন্দা মৰাত গাড়ীখন বিধস্ত হৈ যায়। দুৰ্ঘটনাত নিহত হোৱা তাঞ্জিনা বেগম নামৰ গৰ্ভৱতী মহিলা গৰাকী স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাকেন্দ্ৰলৈ গৈ থকা অৱস্থাত এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাটোত গৰ্ভৱতী মহিলা নিহত হোৱাৰ লগতে গাড়ীখনৰ চালকজানো আহত হয়।