গুৱাহাটী, ১১ জানুৱাৰীঃ পুহ মহীয়া হাড় কপোৱা জাৰত পদপথত থকাসকলক অলপ সকাহ দিলে কামাখ্যা দেৱালয়ে। গৰম কাপোৰ বিতৰণ কৰি পদপথত বাস কৰা সকলক জাৰৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা কামাখ্যাৰ। পুহ মহীয়া হাড় কঁপাই তোলা  জাৰত পথৰ ওপৰত বাস কৰা এই লোক সকল নিশাৰ ভাগত জাৰত ঠেঁটুৰা লাগি বহি থকা দৃশ্য দেখিলে সকলোৰে নিশ্চয় অনুভৱ হয় যে ইমান ঠাণ্ডাত এই লোক সকল কেনেকৈ থাকে। যি সময়ত আমি ঘৰৰ ভিতৰত গৰম কাপোৰ লৈও ঠাণ্ডাৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰো সেই সময়ত পদপথৰ এই লোকসকল সামান্য এটা কাপোৰ গাত মেৰিয়াই পথৰ ওপৰত ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ যুদ্ধ কৰি থাকে। পদপথৰ এই লোকসকল ঠাণ্ডাৰ বিৰুদ্ধে অব্যহত ৰখা এই যুদ্ধত অলপ সহযোগ কৰিছে শক্তিপীঠ কামাখ্যা দেৱালয়ে। বুধবাৰে নিশা মহানগৰীৰ জালুকবাৰীৰ পৰা কামাখ্যা দেৱালয়ে পদপথৰ ওপৰত পুহ মহীয়া ঠাণ্ডাত ঠেঁটুৰা লাগি থকা দৰিদ্ৰ লোক সকলক ঠাণ্ডাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে তেওঁলোকৰ মাজত বিতৰণ কৰিলে কম্বল। জালুকবাৰীৰ ক্ষুধাকণ্ঠ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মহানগৰীৰ খানাপাৰলৈ পদপথৰ ওপৰত বাস কৰা লোকসকলকৰ মাজত বিতৰণ কৰা হয় কম্বল। বুধবাৰে নিশা কামাখ্যা দেৱালয়ে প্ৰায় ৫০০ কম্বল পদপথৰ ওপৰত বাস কৰা দৰিদ্ৰ লোক সকলৰ মাজত বিতৰণ কৰে। মহানগৰীত জাৰৰ প্ৰকোপ অব্যহত থকালৈ কামাখ্যা দেৱালয়ে এই দৰে কম্বল বিতৰণ প্ৰক্ৰিয়া অব্যহত ৰাখিব।