সোনাপুৰ, সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ে থিতাপি লৈছে সোনাপুৰৰ তেঁতেলীয়াত। বন বিভাগ অসফল অভয়াৰণ্যলৈ ওভতাই পঠিয়ালবলৈ। যোৱা দুদিন ধৰি পবিতৰা অভয়াৰণ্যৰ বনকৰ্মী দিনে নিশাই ব্যস্ত হৈ আছে এটা গঁড়ক লৈ। অভয়াৰণ্য এৰি সোনাপুৰৰ বিভিন্ন অঞ্চলত পহৰা দিব লগা হৈছে বনকর্মী। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ পৰা দুদিন মান আগতে বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা এটা গঁড়ৰ বাবে এই অৱস্থা হৈছে বনকৰ্মীসকলৰ। অভয়াৰণ্যখনৰ পৰা ওলাই আহি গঁড়টোৱে পবিতৰাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰি শনিবাৰে থিতাপি লয় সোনাপুৰৰ তেঁতেলীয়াত। শনিবাৰৰ পৰা বনকৰ্মীয়ে বিভিন্ন কৌশল অৱলম্বন কৰিও বৰ্তমানলৈকে বিফল হৈ আছে গঁড়টোক অভয়াৰণ্যখনলৈ ওভতাই পঠিয়াবলৈ। ইফালে গঁড়ৰ মুক্ত বিচৰণৰ ফলত স্থানীয় লোকসকল আতংকিত হৈ পৰাৰ লগতে পথাৰলৈ যোৱা বন্ধ কৰিছে। স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে পবিতৰা পৰা ওলাই অহা গঁড়টো মুক্ত ভাবে খেতি পথাৰত বিচৰণ কৰাত কৃষিজীৱী ৰাইজ গঁড়ৰ আক্ৰমণৰ ভয়ত পথাৰলৈ যোৱা বন্ধ কৰিছে। স্থানীয় লোকসকলে বন বিভাগৰ কৰ্মীসকলক গঁড়টো ওভতাই পঠিয়াবলৈ সকলো ধৰণৰ সহযোগ কৰিছে।