গুৱাহাটী, ১৬ এপ্ৰিলঃ বিহুৰ আনন্দ-উল্লাহৰ মাজতে পবিতৰালৈ আহিল নতুন আলহী। নতুন আলহীৰ আগমনত পবিতৰা অভয়াৰণ্যত বনকৰ্মীৰ বিহুৰ উল্লাস দুগুন বাঢ়িল। সমগ্ৰ ৰাজ্যৰ  চাৰিওফালে বিহুৰ ঢোল-পেপা-গগণাৰ মাতত এক আনন্দময় পৰিবেশ। সকলো ব্যস্ত নতুন বছৰক আদৰাত৷ বিহুৰ এই আনন্দময় পৰিবেশৰ মাজতে আজি পবিতৰা অভয়াৰণ্যলৈ আহিল আন এক আনন্দৰ খবৰ। আজি ৰাতিপুৱা ৭ বজাত অভয়াৰণ্যখনত বনবিভাগৰ এজনী হাতীয়ে জন্ম দিয়ে এটি পোৱালি। ফুলমতি নামৰ এই হাতীজনীয়ে পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা এটা বন শিবিৰৰ কাষত ৰাতিপুৱা জন্ম দিয়ে এই পোৱালীটোক। সম্পূৰ্ণ সুস্থ অৱস্থাত থকা হাতীৰ পোৱালীটোক দেখা পাই বনকৰ্মীসকল আনন্দিত হৈ পৰে। অসমীয়া নৱবর্ষৰ দ্বিতীয় দিনাই হাতীৰ পোৱালি জন্ম লাভ কৰাত অভয়াৰণ্যখনৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখযোগ্য যে  প্ৰায় সাত বছৰ পূৰ্বে অভয়াৰণ্যখনত এটা হাতীৰ পোৱালীৰ জন্ম হৈছিল। তিনিচুকীয়াৰ পৰা ১৯৯১ চনত পবিতৰালৈ অনা ফুলমতিয়ে সাত বছৰ পিছত বিহুৰ  মাজত পোৱালিটো জন্ম দি অভয়াৰণ্যখনত বিহুৰ উল্লাস দুগুন বৃদ্ধি কৰিছে৷