পানীখাইতি, ১৬ এপ্ৰিলঃ ব’হাগ বিহুৰ আনন্দ-উল্লাহৰ মাজত আজি পানীখাইতিৰ বড়োসকলে মহা-সমাৰোহেৰে পৰম্পৰাগত বাথৌ পূজা পালন কৰে। পানীখাইতিৰ বাথৌ পূজা উদযাপন সমিতিয়ে পুৱা ধৰ্মীয় ধ্বজাবাহক পতাকা উত্তোলন কৰাৰ পিচত বড়ো ধৰ্মাৱলম্বী লোকসকলে শিৱৰূপী সিজু গছৰ তলত পূজা-অৰ্চনা কৰে৷ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে মাদল আৰু চিফুংৰ তালে তালে বড়ো যুৱক-যুৱতীসকলে সিজু গছৰ চৌপাশে পৰম্পৰাগত বাগৰুম্বা নৃত্য কৰে৷ উল্লেখ্য যে, অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিনটো বড়ো ধৰ্মাৱলম্বীয়ে বাথৌ পূজা পালন কৰে৷ বাথৌ বড়োসকলৰ পৰম অৰাধ্য দেৱতা যাক শিৱ বুলি জনা যায়৷ বাথৌ পূজা দিনা বড়োসকলে সিজু গছৰ তলত ধূপ, ধূনা, চাকি জ্বলাই ইষ্ট দেৱতাৰ আৰ্শীষ লয়৷