সোণাপুৰ, সংবাদ ৩৬৫, ১৭ এপ্ৰিলঃ  বিহুৰ আনন্দ উল্লাহৰ মাজতে সোণাপুৰৰ মৰঙ্গাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰে নিশা বিহু চাই ঘৰত প্ৰৱেশ কৰি পুত্ৰই হত্যা কৰিলে মাতৃক। সোণাপুৰৰ মৰঙ্গাবাৰীৰ পংকজ বড়ো নামৰ এজন যুৱক সোমবাৰে নিশা বিহু চাই আহি ঘৰত প্ৰৱেশ কৰি মাহী মাকক দা’ৰে ঘপিয়াই হত্যা কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পাৰিবাৰিক কন্দলৰ বাবে পংকজ বড়ো নামৰ যুৱকজনে নিজৰ মাহী মাকক এইদৰে হত্যা কৰিছে। মাতৃ হত্যাকাৰী পংকজ বড়ো বৰ্তমান পলাতক অৱস্থাত আছে৷ হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰাম্ভ কৰাৰ লগতে মৃত প্ৰমিলা বড়ো নামৰ মহিলা গৰাকীৰ মৃতদেহ মাৰণোত্তৰ পৰিক্ষাৰ বাৱে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰন কৰিছে।