মঙলদৈ, সংবাদ ৩৬৫, ২৪ মেঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে মঙলদৈত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত ভয়াবহ ৰূপ ধাৰণ কৰাত সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈৰ শ্বহীদ ভৱনৰ পৰা ম’হৰ গাড়ীত হেলমেট পৰিধান কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সদৌ দৰং জিলা সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, উপসভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ চহৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰুপ কলিতাই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে চহৰ মাজেৰে হেলমেট পৰিধান কৰি ম’হৰ গাড়ী চলাই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতিও দাহ কৰে। উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে যোৱা দেওবাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ ২০১৩ চনৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। তেল কোম্পানী সমূহে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি স্থগিত ৰখাৰ পিছত যোৱা ১৪ মে’ৰ পৰা প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি আছে। পেট্ৰ’ল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ওপৰত প্ৰভাৱ পৰাত বজাৰত এই সামগ্ৰী সমূহৰো মূল্যবৃদ্ধি হ’বলৈ ধৰিছে।