অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ উন্নাৱ দলবদ্ধ ধৰ্ষণত বিজেপি বিধায়ক কুলদ্বীপ সিং সেঙাৰ জড়িত থকাৰ অভিযোগত আৰু জম্মু কাশ্মীৰৰ কঠুৱাত এগৰাকী ৮ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত সকলৰ সমৰ্থনত হোৱা বিৰোধ প্ৰদৰ্শন সভাত অংশগ্ৰহণৰ পিছত বিজেপিৰ দুজনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰাৰ ঘটনাত ক্ষোভিত হৈ এলাহবাদৰ অঞ্চল এটাৰ লোক সকলে এক ব্যতিক্ৰম বিৰোধ প্ৰদৰ্শন কৰিছে। এলাহবাদৰ প্ৰায়গনগৰীৰ শিৱকুঠি অঞ্চলৰ লোক সকলে অঞ্চলটোত আৰু নিজৰ নিজৰ বাসগৃহৰ বাহিৰত পোষ্টাৰ আৰু বেনাৰ লগাইছে। পোষ্টাৰ আৰু বেনাৰ সমূহত মহিলাৰ সুৰক্ষাৰ বাবে বিজেপি নেতা আৰু কৰ্মকর্তা সকলক এই অঞ্চলত প্ৰৱেশ নকৰিবলৈ লিখা আছে। অঞ্চলটোৰ লোকসকলৰ মতে দেশৰ বিভিন্ন ৰাজ্যৰ ধর্ষণকাণ্ডৰ লগত বিজেপি নেতাৰ নাম জড়িত হৈ থকাৰ বাবে মহিলাৰ সুৰক্ষাৰ লৈ জনসাধাৰণ চিন্তিত হৈ পৰিছে। মহিলাৰ সুৰক্ষাৰ বাবে অঞ্চলটোৰ লোক সকলে এনে দৰে পোষ্টাৰ আৰু বেনাৰ লগাইছে। লোক সকলে মহিলা আৰু কিশোৰী সকলক সুৰক্ষা প্ৰদানৰ বাবে পোষ্টাৰ আৰু বেনাৰ লগাই অঞ্চলটোত বিজেপি নেতা আৰু কৰ্মকর্তাৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে।পোষ্টাৰ আৰু বেনাৰ সমূহত লিখা আছে ” এই অঞ্চলত বিজেপি নেতা আৰু কৰ্মকৰ্তাৰ প্ৰৱেশ নিষেধ কাৰণ ইয়াত মহিলা আৰু কিশোৰী থকা। ইতি অঞ্চলবাসী।” নিউজ এজেঞ্চি এএনআই মতে অঞ্চলবাসীয়ে কয় যে এই পোষ্টাৰ আৰু বেনাৰ সমূহ মহিলাৰ ওপৰত বৃদ্ধি পাবলৈ ধৰা অপৰাধৰ ঘটনাত বিজেপি কৰ্মকর্তা সকলৰ নাম উত্থাপিত হৈ থকাৰ অভিযোগত লগোৱা হৈছে। এলাহবাদৰ লগতে মহাৰাষ্ট্ৰত নাগপুৰটো এনে ধৰণৰ পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছে বুলি জানিব পৰা গৈছে। বিজেপি নেতা আৰু কৰ্মকৰ্তাৰ বিৰুদ্ধে লগোৱা এনে ধৰণৰ পোষ্টাৰ আৰু বেনাৰক বিজেপিয়ে ৰাজনৈতিক কাৰণ বুলি অভিহিত কৰি বিৰোধীৰ কাম বুলি কয়। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ উন্নাৱৰ বংগৰমও বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক কিলদ্বীপ সিং সেঙৰৰ ওপৰত এগৰাকী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ তুলিছিল। এই সংক্ৰান্তত চিবিআই’য়ে শুক্ৰবাৰে নিশা বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু এই ধর্ষণকাণ্ডক লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে সঠিকভাবে তদন্ত নকৰাত জনসাধানৰ ক্ষোভিত হৈ পৰিছে। আনহাতে জম্মু কাশ্মীৰৰ কঠুৱাৰ এগৰাকী ৮ বছৰীয়া কিশোৰীৰ ধর্ষণ আৰু হত্যাৰ অভিযোগী সকলৰ সমৰ্থন সভাত বিজেপিৰ দুজনকৈ মন্ত্ৰীয়ে অংশগ্ৰন কৰাৰ পিছত শুক্ৰবাৰে পদত্যাগ কৰে।