গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১৬ মেঃ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে নৰেন্দ্ৰ মোদীক প্ৰতাৰক আৰু মিছলীয়া আখ্যা দিয়ে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত অসমত থকা সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধিব লাগিব বুলি কোৱা কথাষাৰৰ বিপৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ জড়িয়তে বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্পষ্ট কৰি দিয়ে যে চৰকাৰে যদি অসমৰ অসমীয়া জাতিধংশী কাৰ্যত লিপ্ত হয় তেন্তে শান্তিপূৰ্ণ অসম অশান্ত হবলৈ বেছি সময় নালাগিব। জাতি, মাটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈও শংখটোৱে আহ্বান জনায়। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মঙলবাৰে নিশাও জোঁৰ সমদল উলিয়াই সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল।