গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে লক্ষ্যভেদে৷ লক্ষ্যভেদৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে হাতত বন্দুক তুলি ল’লে একাংশ বিশেষভাৱে সক্ষম লোকে। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে লক্ষ্যেভেদৰ শ্বুটিং ৰেঞ্জত ২৩ তাৰিখৰ পৰা চলি থকা তিনিদিনিয়া শ্বটিং প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে অন্ত পৰে। প্ৰথমবাৰৰ বাবে বিশেষভাৱে সক্ষমলোক সকলৰ বাবে আয়োজন কৰা এই বিনামূলীয়া শ্বুটিং প্ৰশিক্ষণ শিবিৰত এগৰাকী মহিলাসহ অংশগ্ৰহন কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩০ গৰাকী বিশেষভাৱে সক্ষম লোকে। নেহেৰু ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত শ্বুটিং প্ৰশিক্ষণত ভাগ লোৱা লোকসকলক লক্ষ্যভেদৰ তৰফৰ পৰা প্ৰদান কৰা হয় এখনকৈ মানপত্ৰ। ৰাজ্যত থকা বিশেষভাৱে সক্ষম লোক সকলক ক্ৰিয়া ক্ষেত্ৰ আগুৱাই নিয়াৰ উদ্দেশ্যে লক্ষভেদে এই তিনিদিনীয়া শ্বুটিং প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে।