মঙলদৈ, সংবাদ ৩৬৫, ১৬ জুনঃ এমাহ ৰোজা পালনৰ অন্তত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত পুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে। বর্ষাবিঘ্নিত পৰিৱেশৰ মাজতো ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে উৎযাপিত হয় পবিত্র উৎসৱ ঈদ-উল-ফিটৰ। আল্লাৰ উপাসনা, ত্যাগ-সংযমৰ আদৰ্শৰে পৰিপূর্ণ পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজা পালনৰ অন্তত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙ জিলাৰ বানদিয়া ঈদগাহত অনুষ্ঠিত হয় মহিলা সকলৰ ঈদৰ সমূহীয়া নামাজ যত অংশগ্ৰহণ কৰে সহস্ৰাধিক মহিলাই। প্ৰতি বছৰৰ দৰে আজিও ঈদ উপলক্ষে মহিলা সকলে এই ঈদগাহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি ৰাজ্যৰ লগতে সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে।