কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ১৬ মাৰ্চ: কোকৰাঝাৰৰ জিলাৰ ফকিৰাগ্ৰামত সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কন্দলৰ বাবে মাতৃ আৰু ভাতৃয়ে মিলি হত্যা কৰিলে এজন যুৱকক। এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল যোৱা ১১ মাৰ্চৰ নিশা ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ময়নাগুৰি গাঁৱত। মাতৃ আৰু পুত্ৰৰ মাজত সংঘটিত হোৱা কাজিয়াৰ ফলত মৃত্যুক আকোৱালি লব লগা হল উত্তম সুত্ৰধৰ নামৰ যুৱকজন৷ জানিব পৰা মতে, ময়নাগুৰি গাঁৱৰ ৰমনী সুত্ৰধৰ নামৰ লোকজনৰ পঞ্চম পুত্ৰ উত্তমৰ সৈতে মাতৃ আৰু ভাতৃৰ সংঘটিত হোৱা কাজিয়াৰ পিছতে দলবদ্ধ আক্ৰমনত প্ৰাণ হেৰুৱাব লগা হয় উত্তমে। ঘটনাৰ বিৱৰণী মতে যোৱা ১১ মাৰ্চৰ নিশা পৰিয়ালৰ মাজত কাজিয়া আৰম্ভ হোৱাৰ পিছতে উত্তমৰ মাতৃ আৰু আন সহোদৰ ভাতৃয়ে মিলি লাঠিৰে দলবদ্ধভাবে প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় উত্তমৰ৷ আক্ৰমণত উত্তমৰ মৃত্যু হোৱাত পৰিয়ালৰ সদস্যই উত্তমৰ মৃতদেহ শৌচালয়ৰ পৰিত্ব্যক্ত টেংকিত পেলাই মাটিৰে পুতি পেলায়৷ এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা এজন লোকে আৰক্ষীক এই বিষয়ে অৱগত কৰাত ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ কুমাৰ ৰায়ে ১৫ মাৰ্চৰ নিশা উত্তমৰ ভাতৃ অনন্যা সুত্ৰধৰ,গৌতম সুত্ৰধৰ, বিষ্ণু সুত্ৰধৰ আৰু উত্তমৰ বৌ মাধৱী সুত্ৰধৰক গ্ৰেপ্তাৰ কৰাত হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য পোহৰলৈ আহে। ধৃত হত্যাকাৰী সকলে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে বদমেজাজী উত্তমে সদায়ে পৰিয়ালৰ আন সদস্যৰ সৈতে কাজিয়া কৰি অহা ঘটানত অতিষ্ঠ হৈ মাতৃ আৰু ভাতৃয়ে ১১ মাৰ্চৰ নিশা উত্তমক প্ৰহাৰ কৰাত আকস্মিক ভাবে উত্তমৰ মৃত্যু হয়৷ পিছত ঘটনাটো গাপ দিয়াৰ উদ্দেশ্যে উপায়ন্তৰ হৈ শৌচালয়ৰ টেংকিত উত্তমৰ মৃতদেহ পুতি পেলায়৷ সম্প্ৰতি তীব্ৰ চাঞ্চল্যকাৰী এই হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা বিয়পি পৰাৰ লগতে আৰক্ষী আৰু কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ ঘটনাস্থলীত উপস্থিতিত উত্তমৰ মৃতদেহটো শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰে৷ পৰিয়ালৰ পাঁচগৰাকী সদস্যই জঢ়িত থকা এই লোমহৰ্ষক হত্যাকাণ্ডৰ ভিতৰত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও উত্তমৰ মাতৃ বৰ্তমান পলাতক হৈ আছে৷