কোকৰাঝাৰৰ পৰা কিশোৰ মীশ্ৰা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সভাগৃহত দেওবাৰে শিশু আৰু মহিলা নিৰ্যাতন সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়। ফকিৰাগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সভাপতি ফকৰউদ্দিন আহমেদে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে আৰক্ষী বিষয়া জোগেন আবাংয়ে৷ বৰ্তমান সময়ত দেশ তথা ৰাজ্যত বৃদ্ধি পাবলৈ ধৰা শিশু আৰু মহিলা নিৰ্যাতনৰ ঘটনাৰ ওপৰত বক্তব্য ৰাখি গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত শিশু আৰু মহিলা নিৰ্যাতনৰ ঘটনা প্ৰতিৰোধ, হত্যা, অপহৰন নিয়ন্ত্ৰণৰ বিভিন্ন দিশ সাঙুৰি আৰক্ষী বিষয়া গৰাকীয়ে উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাত ফকিৰাগ্ৰাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিদুল গগৈয়ে সমাজ সেৱাৰ লগতে গাঁওৰক্ষী বাহিনীক সমাজৰ এটা মুখ্য অংগ বুলি অভিহিত কৰি সমাজৰ অপশক্তি নিৰ্মূল, অচিনাকী ব্যক্তিৰ প্ৰৱঞ্চনা প্ৰতাৰনা আৰু অপৰাধ প্ৰতিৰোধৰ বাবে সমাজত সজাগতা সৃষ্টি ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ আনহাতে গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা আব্দুল বাৰেক আহমেদে কয় যে সমাজত সচৰাচৰ সংঘটিত হৈ থকা অপৰাধ নিৰ্মুলৰ বাবে গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি সঠিক তথ্য যোগান ধৰি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিলেহে সমাজৰ পৰা সামাজিক অপৰাধ, শিুশু আৰু মহিলাৰ ওপৰত নিৰ্যাতন নিয়ন্ত্ৰণ কৰিব পৰা যাব৷ ফকিৰাগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত প্ৰায় ৭০ গৰাকীকৈ ভিডিপি’ৰ সম্পাদক শিশু আৰু নাৰী নিৰ্যাতন প্ৰতিৰোধৰ ওপৰত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে৷