সোণতলী, ২০ জুনঃ  বছৰি ১ লাখতকৈ কম উপাৰ্জন কৰা অভিভাৱকৰ ল’ৰা-ছোৱালীয়ে বিনামূলীয়াকৈ বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব বুলি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতো নামভৰ্তি নামত ধন সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে দক্ষিণ কামৰূপৰ বকো আৰু ছয়গাঁও সমষ্টিত৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও নামভৰ্তিৰ নামত সংগ্ৰহ কৰিবলৈ লৈছে ৬৩০ টকাৰ পৰা ৯০০ টকা ৷ এই তথ্য পোহৰলৈ আহিছে বকো সমষ্টিৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ছয়গাঁৱৰ গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ প্ৰাপ্ত তথ্য মতে, বকোৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ আচৰাফ উদ্দিন আহমেদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ সংগ্ৰহ কৰিছে ৬৩০ টকা পৰ্যন্ত৷ এই সন্দৰ্ভত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বিদ্যালয় পৰিচালনা সমিতিত লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সুফল লাভ কৰা নাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ একেদৰে গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল অহাবেও নীতিবহিৰ্ভূতভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত সংগ্ৰহ কৰিছে ৯০০কৈ টকা ৷ এই সন্দৰ্ভত গৰৈমাৰীৰ ঘোঁৰামাৰা গাঁৱৰ নুৰুল ইছলাম তথা জিলা মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰ কামৰূপৰ সম্পাদকে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, বকো আৰু ছয়গাঁও সমষ্টিৰ সংখ্যালঘু এলেকাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে এম ই স্কুলৰ পৰা হাইস্কুললৈ সকলো পৰীক্ষাৰ বাবে মাচুল ভৰিবলগা হোৱাৰো অভিযোগ উঠিছে৷ পৰিবৰ্তনগামী চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পিছতো বিদ্যালয় প্ৰধানে কি কাৰণত পৰীক্ষাৰ মাচুল আৰু নাম ভৰ্তিৰ বাবে ধন ভৰিবলগা হৈছে সেইয়া অতিকৈ দুৰ্ভাগ্যজনক ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে দুৰ্নীতিগ্ৰস্থ শিক্ষা বিষয়াৰ নিৰ্দেশতেই বকো আৰু ছয়গাঁৱৰ গ্ৰামাঞ্চলৰ বিনামূলীয়া শিক্ষা ব্যৱস্থাটো ব্যয়বহুল হ’বলৈ লৈছে৷ অতি শীঘ্ৰেই সমষ্টি দুটাৰ গ্ৰামাঞ্চলৰ বিদ্যালয় সমূহত উচ্চ পৰ্যায়ৰ তদন্ত নিৰ্দেশ দিবলৈ বিভাগীয় মন্ত্ৰীক স্থানীয় ৰাইজে দাবী জনাইছে৷