বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২০এপ্ৰিলঃ  বঙাইগাঁও জিলাৰ ধলাগাঁৱত পথাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰঙালী বিহু উপলক্ষে আয়োজিত জুবিন গাৰ্গৰ সংগীতানুস্থান চাবলৈ যোৱা মহিলা গৰাকীক ধৰ্ষণ কৰি দুৰ্বৃত্তই পথাৰৰ মাজত মৃতদেহ পেলাই থৈ যোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ জানিব পৰা মতে, বৃহস্পতিপাৰে নিশা মহিলাগৰাকী স্থানীয় যুৱক এজন সৈতে বৃহস্পতিবাৰে নিশা বঙাইগাঁৱৰ মূলাগাঁৱত অনুষ্ঠিত বিহু অনুষ্ঠানত বিহু চাবলৈ গৈছিল আৰু শুক্ৰবাৰে পুৱাৰ ভাগত মহিলাগৰাকীৰ মৃতদেহ পথাৰৰ মাজত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়৷ পথাৰত গৰু এৰাল দিবলৈ যোৱা স্থানীয় এজন লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত জিলা উপায়ুক্ত বাবুলাল শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে। এটা সন্তানৰ মাতৃ মহিলাগৰাকী দীৰ্ঘদিন ধৰি ধলাগাঁৱৰ মাজগাঁৱত পিতৃ গৃহতে বসবাস কৰি আছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰণ কৰি তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, ঘটনাস্থলীৰ কাষত মদৰ বটল আৰু গিলাচ উদ্ধাৰ হৈছে।