বজালীৰ পৰা ডিম্পল তালুকদাৰ, সংবাদ ৩৬৫, ১১ জুলাইঃ সোণৰ কণী পৰা হাঁহ লৈ ৰূপান্তৰীত হৈছে বজালী ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে স্থাপন কৰা পানী যোগান আচনি। ২০০২ চনত ৪৫লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আচনিখনত ২০১২চনৰ পৰা ২০১৭চনৰ ভিতৰত আচনিখন মেৰামতি কৰাৰ বাবত ১৫লাখ টকা ধাৰ্য্য কৰা হৈছিল যদিও তাৰ ১৩ লাখ ৬৪ হাজাৰ টকা ব্যয় কৰাৰ উপৰিও তথ্যটোত ১৬০ টা পৰিয়ালৰ মাজত বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছিল বুলি উল্লেখ কৰিছে। স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে আঁচনিখন মেৰামতি কৰা দূৰৰে কথা এঘৰ মানুহকো পানী যোগান ধৰা নাই আজি পৰ্যন্ত। শেহতীয়া ভাবে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহভূমি বৰবড়ী গাওঁ পানী যোগান আঁচনিত স্থানীয় হিমান কলিতাই তথ্য জনাৰ অধিকাৰ ২০০৫ৰ অধীনত তথ্য বিচাৰি আবেদন দাখিল কৰিছিল। উক্ত আচনিখনত পোহৰলৈ আহিছে বিষয়া কৰ্মচাৰী ঠিকাদাৰে চলোৱা লুণ্ঠনৰ কথা। একপ্ৰকাৰ বৰবড়ী পানী যোগান আচনিখন বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ খীৰতী গাইত পৰিণত হৈছে।