গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱা বন বিষয়া আফতাব উদ্দিনৰ সুন্দৰপুৰস্থিত বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। বন বিষয়া আফতাব উদ্দিনৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তিৰ থকাৰ অভিযোগ দুৰ্নীতি নিবাৰক শাখাই তেওঁৰ বাসগৃহত অভিযান চলায়। উল্লেখ্য যে, প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ আছিল আ‍ফতাব উদ্দিন। ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থাকোতে নগাঁও জিলাৰ বন বিষয়া হিচাপে কৰ্মৰত আছিল আফতাব উদ্দিন। মহানগৰীৰ বিভিন্ন ঠাইত আফতাব উদ্দিনৰ কেইবা কোটি টকাৰ সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে। মহানগৰীৰ ছয়মাইলত আৰু স্পেনিচ গাৰ্ডেনত আফতাব উদ্দিনৰ কোটিটকীয়া ফ্লেট থকাৰো কথা জানিব পৰা গৈছে। আফতাব উদ্দিনৰ সুন্দৰপুৰৰ বাসগৃহৰ লগতে সমান্তৰালকৈ নয়নপুৰৰ বাসগৃহতো অভিযান চলাইছে দুৰ্নীতি নিবাৰক শাখাই।