অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ বলিউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী শনিবাৰে নিশা ডুবাইত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে নিশা প্ৰায় ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰী গৰাকী। মৃত্যুৰ সময়ত তেওঁৰৰ বয়স ৫৪ আছিল। জানিব পৰা ম’তে ডুবাইৰ এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহ কৰিবলৈ যোৱা অভিনেত্ৰী গৰাকী হাৰ্ট এটেক অহাত হঠাৎ ঢলি পৰিছিল আৰু ততাতৈয়াকৈ অভিনেত্ৰী শ্ৰীদেৱীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু ঘটে চিৰসেউজ অভিনেত্ৰী গৰাকীৰ। ১৯৭৮ চনত অভিনয় জগতত প্ৰৱেশ কৰি তামিল, মালায়ম, হিন্দী, কানাডা, তেলেগুকে ধৰি বহু কেইটা ভাষাৰ ছবিত অভিনয় কৰিছিল অভিনেত্ৰী গৰাকী।