গোৱালপাৰা ১৯ এপ্ৰিলঃ অসম আৰক্ষীলৈ এক নতুন প্ৰত্যাহ্বান। এইবাৰ অবৈধ বাংলাদেশী নাগৰিক নহয়, অসম আক্ষীৰৰ মূৰৰ কামোৰণি হ’ল শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতীকস্বৰূপ ‘পাৰ’ চৰাই। এক পাৰ চৰাইয়ে বাৰুকৈ বিপাঙত পেলালে অসম আৰক্ষীক। এখন অৰণ্যত ধৰা পৰা এক পাৰ চৰাইয়ে গোৱালপাৰা জিলাৰ আৰক্ষীক চিন্তিত কৰি তুলিছে। পাৰ চৰাইটোৰ ডিঙিত এটা নম্বৰ দেখি আচৰিত হৈ পৰিছে আৰক্ষী। আৰক্ষীয়ে চিন্তিত হৈ পৰিছে যে কিয় আৰু কেনেকৈ এই বাংলাদেশী পাৰ চৰাই অসমলৈ আহিছে। আৰক্ষীয়ে নিসন্দেহে বাংলাদেশে চোৰাংচোৱা কৰিবলৈ পঠোৱা পাৰ চৰাই ধৰিবলৈ সক্ষম হৈছে৷ কাৰণ পাৰটোৰ ডিঙিত থকা ৩০৪০৯ কোড নাম্বাৰটোৱে তাকে বুজাইছে। বৰ্তমান বন বিভাগে পাৰ চৰাইটোক ৰাজ্যিক চিৰিয়াখানালৈ গতাই দিয়াৰ ব্যৱস্থা কৰিছে। ইফালে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যে পাৰ চৰাইটো ভাৰতলৈ উৰি অহাৰ উদ্দেশ্য কি আছিল। একে ধৰণে কিছু দিন আগত ভাৰতত এক পাকিস্তানী পাৰ চৰাই চোৰাংচোৱা কৰাৰ সন্দেহত ধৰা হৈছিল। শৰীৰত উৰ্দু ভাষাত লিখা এক ষ্টাম্পৰ চাপ থকাৰ বাবে পাৰ চৰাইটোক আটক কৰা হৈছিল। উৰ্দু পাকিস্তানৰ চৰকাৰী ভাষা হোৱা বাবে পাৰ চৰাইটো পাকিস্তানৰ চোৰাংচোৱা হোৱাৰ সন্দেহ কৰা হৈছিল। এজন ১৪ বছৰীয়া ল’ৰাই ভাৰত-পাকিস্থান সীমাৰ মানৱাল গাঁওত সেই পাৰ চৰাইটোক দেখা পাইছিল। যি সময়ত অবৈধ অনুপ্ৰবেশ ৰোধক লৈ ৰাজ্যেখন চিন্তিত হৈ আছে তেনে সময়ত পাৰৰূপী চোৰাংচোৱাই আৰক্ষী প্রশাখনৰ চিন্তা দুগুন বৃদ্ধি কৰিছে।