বাক্সা, সংবাদ ৩৬৫, ১০ জুলাইঃ
আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। ৰাজ্যত এতিয়া কিছুমান বস্তু নামত হে আছ কামত নাই। বাক্সা জিলাৰ উত্তৰকুচি অঞ্চলত উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত নদীৰ সোত সলনি কৰি প্ৰাকৃতিক বান্ধ দি ভূটান সীমান্তৰ পৰা বৈ অহা পাগলাদিয়া নদীক ভেটি খেতিপথাৰলৈ পানী বোৱায় নিয়াৰ চেষ্টা কৰিছে সহস্ৰাধিক কৃষকে। জলসিঞ্চন আঁচনিয়ে ঢুকি নোপোৱাৰ ফলত বিগত ১৯৫৪ চনৰ পৰা একোটা ডোঙ বান্ধ সমিতি গঠন কৰি পাল পাতি কৃষকসকলে সপ্তাহত দুই তিনি দিন বান্ধৰ কামত নিয়োজিত হৈ এইদৰে নিজেই নিজৰ কাম কৰি জীৱীকা নিৰ্বাহ কৰিবলগীয়া হৈছে কৃষকসকলে৷ জানিব পৰা মতে এই পদ্ধতিৰ জৰিয়তে উত্তৰকুচি অঞ্চলৰ প্ৰায় ১৬ খন গাঁৱৰ খেতিপথাৰত পানী যোগান ধৰাৰ লগতে অঞ্চলটোৰ ৰাইজে গা ধোৱা, বাচনবৰ্তন ধোৱা আদি কামতো ব্যৱহাৰ কৰে এই পানী ৷ বিগত সময়ছোৱাত দুটাকৈ জলসিঞ্চন আঁচনি নিৰ্মাণ কৰাৰ ততসত্বেও কোনোধৰণৰ সুফল লাভ কৰা নাই অঞ্চলটোৰ ৰাইজে৷ যাৰফলত দিনৰ দিনটো শ্ৰম কৰি এটোপাল পানীৰ বাবে নিজৰ জেপৰ ধন খৰচ কৰি সহস্ৰাধিক কৃষকে দিন নিয়াব লগা হৈছে৷