বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত এগৰাকী বৃদ্ধা মহিলাক ডাইনীৰ সন্দেহত  আক্ৰমন কৰাৰ ঘটনা সংঘটিত হৈছে৷ জানিব পৰা মতে বাগিচাখনৰ পাঁচ নম্বৰ লাইনৰ ৰমিলা মিন্স নামৰ বৃদ্ধা গৰাকীক ডাইনীৰ সন্দেহত চাৰিজন যুৱকে আক্ৰমন কৰে। ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডুমুনী চাহ বাগিচাৰ পাঁচ নম্বৰ লাইনৰ আলবাট এক্কা নামৰ আৰক্ষী বেটেলিয়ন জোৱান এজনৰ পত্নীয়ে জন্ম দিয়া এটি শিশুয়ে জন্মৰ পিচৰে পৰা মাকৰ গাখীৰ গ্ৰহন নকৰাত একে লাইনৰে ৰমিলা মিন্স নামৰ বৃদ্ধা গৰাকীয়ে কিবা এটা কৰা বুলি সন্দেহ কৰি আলবাট এক্কাই তিনিজন যুৱকৰ সৈতে লগ লাগি বৃদ্ধা মহিলা গৰাকীক আক্ৰমন কৰে। মুছলপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই বৃদ্ধা মহিলা গৰাকীক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আহে। মহিলা গৰাকীৰ অভিযোগ ভিত্তিত আৰক্ষীয়ে আলবাট এক্কা নামৰ এজন অভিযুক্তক আটক কৰে যদিও সম্প্ৰতি তিনি অভিযুক্ত পলাতক অৱস্থাত আছে। অভিযুক্ত আলবাট এক্কা আৰক্ষীৰ ১৫ নং বেটেলিয়নৰ জোৱান বুলি জানিব পৰা গৈছে।