বাক্সা, সংবাদ ৩৬৫, ১৬ মেঃ বাক্সা জিলাৰ কুমাৰিকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাউলিত মঙলবাৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে পৰিয়ালৰ সদস্য সকল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন কাৰ্যৰ বাবে বাহিৰলৈ ওলাই যাওঁতে ঘৰত কোনো নথকাৰ সুযোগ লৈ কামাখ্যা বনিক নামৰ এজন বিবাহিত লোকে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ঘৰৰ পিছফালে থকা হাবিৰ মাজলৈ নি যৌন নিৰ্যাতন চলায়। পৰিয়ালৰ লোকসকলে ঘৰলৈ উভতি আহি যুৱতী গৰাকী ঘৰত নাপাই যুৱতী গৰাকীক বিচাৰিবলৈ ধৰাত ঘৰৰ পিছলৰ হাবিত লোক জনৰ সৈতে অসংযত অৱস্থাত যুৱতী গৰাকীক উদ্ধাৰ কৰে। এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ লগত এনে জঘন্য কাণ্ড সংঘটিত কৰা কামাখ্যা বনিক স্থানীয় ৰাইজে উত্তম মাধ্যম দি আৰক্ষী গতাই দিয়ে। আৰক্ষীয়ে যুৱতী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে।